2023
ASSAMESE (MODERN INDIAN LANGUAGE)
(NEW COURSE)
Full Marks: 100
Pass Marks: 30
Time: Three hours
The figures in the margin indicate full marks for the questions.
Q. No. 1 (1×7=7)
তলৰ যিকোনো সাতোটা প্রশ্নৰ কেৱল উত্তৰ লিখাঁ:
(ক) ‘ভ্ৰমৰংগ’ শ্বেক্সপিয়েৰৰ কোনখন গ্ৰন্থৰ ভাঙনি?
(খ) ‘উৰ্মাল’ শব্দটিৰ অৰ্থ লিখাঁ।
(গ) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
(ঘ) ‘হস্তিবিদ্যার্ণৰ পুথিখনৰ ভাষা পদ্য নে গদ্য?
(ঙ) সত্য আৰু ধৰ্ম কোনখন উপনিষদৰ প্ৰথম উপদেশ?
(চ) ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি থকা চিঠিখনৰ সলনি কি খবৰ আহিল?
(ছ) লক্ষ্মীধৰ চৌধুৰীয়ে পৰিচালনা কৰা মধ্যবিত্তীয় সমাজৰ চিত্ৰ অংকিত চলচ্চিত্ৰখনৰ নাম লিখাঁ।
(জ) ‘থ্রিলাৰ’ শব্দৰ অৰ্থ লিখাঁ।
(ঝ) শীতলা দেৱীৰ ৰোষত কোনবিধ ৰোগ হোৱা বুলি মানুহে বিশ্বাস কৰিছিল?
Q. No. 2 (2×7=14)
তলৰ যিকোনো সাতোটা প্রশ্নৰ উত্তৰ লিখাঁ:
(ক) ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠত ‘মাজিউ’ আৰু ‘জ্ঞান’ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক কথা কৈছিল?
(খ) কোন দুগৰাকী সাহিত্যিকৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই ‘কথা-কবিতা’ লিখিছিল?
(গ) অসমীয়া আৰু ভাৰতীয় হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি কি আছিল?
(ঘ) ‘হস্তিবিদ্যাৰ্ণৱ’ পুথিখনৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্রশংসা কৰি যোৱা দুগৰাকী খ্যাতনামা পুৰুষৰ নাম লিখাঁ।
(ঙ) ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত থকা ‘বিধিবাক্য’ আৰু ‘নিষেধ’ বাক্য দুষাৰি লিখা।
(চ) যতীন্দ্ৰনাথ দুৱৰা আৰু শীলভদ্ৰৰ সাহিত্য অকাদেমি বঁটাপ্ৰাপ্ত গ্রন্থ দুখনৰ নাম লিখা।
(ছ) বর্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ’ল?
(জ) ‘প্রতিধ্বনি’ ছবিখন কোনে, কোনটো জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল?
(ঝ) পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা।
Q. No. 3 (4×1=4)
প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঁ: (যিকোনো এটা)
(ক) “মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়।”
(খ) “ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম।”
(গ) “বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।”
Q. No. 4 (5×2=10)
যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঁ:
(ক) “আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে।” – লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ গোটাদিয়েক কাৰণ লিখাঁ।
(খ) যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য-কৃতিৰ চমু পৰিচয় আগবঢ়োৱাঁ।
(গ) হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ বিষয়ে চমুকৈ লিখাঁ।
(ঘ) অসমীয়া চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে পাঠৰ আধাৰত লিখাঁ।
Q. No. 5 (1×5=5)
তলৰ যিকোনো পাঁচোটা প্রশ্নৰ কেৱল উত্তৰ লিখাঁ:
(ক) মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্রকাশ পাইছে?
(খ) তোমাৰ পাঠ্যৰ অন্তৰ্গত ‘জোনাকী’ কাকতৰ লগত জড়িত নোহোৱা কবিগৰাকী কোন?
(গ) নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
(ঘ) ‘জনতাৰ আহ্বান’ কবিতাটিত ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়?
(ঙ) ‘ঝাণ্ডা’ শব্দৰ অৰ্থ লিখা।
(চ) ‘মোক তোল আঘোণ’ বাক্যাংশই কি অৰ্থ বুজাইছে?
(ছ) ‘ৰাৱণ’ কাব্যগ্ৰন্থৰ ৰচক কোন?
(জ) ‘কৰুণতম’ কবিতাটিত কবিয়ে মাতৃৰ স্মৃতি কেনেকৈ জাগ্রত হয় বুলি উল্লেখ কৰিছে?
Q. No. 6 (2×5=10)
তলৰ যিকোনো পাঁচোটা প্রশ্নৰ উত্তৰ লিখাঁ:
(ক) অসমৰ বাহিৰৰ কোন দুজন কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি?
(খ) কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?
(গ) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাবৰ ব্যঞ্জনা প্রতিধ্বনিত হোৱা দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।
(ঘ) ‘জনতাৰ আহ্বান’ কবিতাত কবিয়ে কাৰ কাৰ জয় ঘোষণা কৰিছে?
(ঙ) ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাত বিলাসীৰ দলে কেনেকৈ দিন কটায় বুলি কোৱা হৈছে?
(চ) ‘জয়ন্তী’ৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা দুখন অসমীয়া আলোচনীৰ নাম লিখাঁ।
(ছ) নৱকান্ত বৰুৱাৰ ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখাঁ।
(জ) নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখাঁ।
Q. No. 7 (4×1=4)
প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঁ: (যিকোনো এটা)
(ক) “সত্ত্বঃ ৰজঃ তমো গুণ সকলোতে নিগুণ বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।”
(খ) “আজি জনতাৰ আলোকবিজয়! অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, নবজীৱনৰ মহাসংঘাতে কঁপায় বর্তমান।”
(গ) “আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, কাম আছে, আঘোণৰ পথাৰত কাম আৰু কাম।”
Q. No. 8 (6×1=6)
তলৰ যিকোনো এটা কবিতাৰ মূলভাব লিখাঁ:
(ক) বিশ্বখনিকৰ
(খ) মিলন
(গ) উভতি নহাৰ কবিতা
Q. No. 9 (1×2=2)
তলৰ যিকোনো দুটা প্রশ্নৰ কেৱল উত্তৰ লিখাঁ:
(ক) ভাৰতীয় প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
(খ) নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি?
(গ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি অভিহিত কৰিছে?
(ঘ) মাধ্যমিক স্তৰৰ শিক্ষাৰ এটা প্ৰধান বিশেষত্ব লিখাঁ।
Q. No. 10 (2×2=4)
তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঁ:
(ক) ‘ধৰ্ম’ আৰু ‘মোক্ষ’ বুলিলে কি বুজা?
(খ) মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চিনাক্ত কৰা দুটা বিশেষ আচৰণ লিখাঁ।
(গ) “কৈশোৰ কালছোৱাত মানসিক শক্তিৰো বিকাশ পূর্ণগতিত হয়।” মানে কি? এই মানসিক শক্তি
(ঘ) কিশোৰ সংস্কৃতি বুলিলে কি বুজা?
Q. No. 11 (4×1=4)
চমু টোকা লিখাঁ: (যিকোনো এটা)
(ক) আধ্যাত্মিক মূল্যবোধ
(খ) বীৰপূজাৰ প্ৰবৃত্তি
Q. No. 12 (3×2=6)
চমুকৈ লিখাঁ: (যিকোনো দুটা)
(ক) শব্দ-বিভক্তি কাক বোলে? অসমীয়া ভাষাত সাতবিধ শব্দ-বিভক্তি কি কি?
(খ) প্রত্যয় কাক বোলে? তদ্ধিৎ প্রত্যয়ৰ সংজ্ঞাসহ উদাহৰণ দিয়া।
(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা? ‘চকু’ বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা প্রয়োগ লিখাঁ।
Q. No. 13 (1×6=6)
তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঁ:
ছমহীয়া, পলৰীয়া, ধানতলী, যুঁজাৰু, ৰসাল, শোৱন, পাগলী, দেখনিয়াৰ, সাৰুৱা
Q. No. 14 (2×4=8)
তলত দিয়া জতুৱা-ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰাঁ: (যিকোনো চাৰিটা)
কপালৰ ঘাম মাটিত পেলা, চকুত ধূলি মাৰ, টুপাই বুৰ মাৰ, হাড়ত বন গজা, চুকৰ ভেকুলী, বাগলী ভকত, ঊনৈশত বা বলা।
Q. No. 15 (10×1=10)
তলত দিয়া যিকোনো এটি বিষয় বাছি লৈ এখন ৰচনা লিখাঁ:
(ক) অসমৰ কুটিৰ শিল্প
(আৰম্ভণি – কুটিৰ শিল্প মানে কি বুজা? – ক্ষুদ্র উদ্যোগ হিচাপে অসমৰ কুটিৰ শিল্প – নিবনুৱা সমস্যা দূৰীকৰণত কুটিৰ শিল্পৰ ভূমিকা – সামগ্ৰী বিপননৰ ব্যৱস্থা – কুটিৰ শিল্পৰ ভৱিষ্যৎ – সামৰণি।)
(খ) অসমৰ পৰ্যটন উদ্যোগ
(আৰম্ভণি – পৰ্যটন মানে কি – অসমৰ পৰ্যটন উদ্যোগৰ ভূমিকা – পৰ্যটন ক্ষেত্ৰত দেখা পোৱা সমস্যা – দেশ আৰু ব্যক্তিগতভাৱে আৰ্থিক স্বাৱলম্বিতাৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ ভূমিকা – সামৰণি।)
(গ) তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক
(আৰম্ভণি – সাহিত্যিকগৰাকীৰ চমু পৰিচয় – তোমাৰ প্ৰিয় হোৱাৰ মূল কাৰণ – সাহিত্যপ্রতিভাৰ সামগ্রিক মূল্যায়ন – বঁটা-সন্মান-স্বীকৃতি আদি – লেখক হিচাপে থকা সামাজিক দায়বদ্ধতা – সামৰণি।)
(ঘ) সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যৎ
(আৰম্ভণি – সামাজিক মাধ্যমৰ প্ৰকাৰ – সামাজিক মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ – ভাষাৰ শুদ্ধতা ৰক্ষাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা – ইতিবাচক আৰু নেতিবাচক দিশ – সামৰণি।)
-00000-
Q1. What is the benefit of solving the ASSEB Class 12 Assamese MIL Previous Year Question Papers?
Ans: Solving the Previous question paper helps students understand the exam pattern, marking scheme, and the types of questions frequently asked, which improves their exam preparation.
Q2. Is the Assam Board HS 2nd Year Assamese mil question paper suitable for current year exam preparation?
Ans: Yes, it is still useful. The core syllabus remains similar, so practicing this paper can help students revise important topics effectively.
Q3. Where can I download the ASSEB Class 12 Assamese MIL Previous Question Paper in PDF?
Ans: The PDF is available only on The Treasure Notes Assam's No. 1 Educational Website where you can get all the PYQ's and Solved PYQ's of Assam Board.
Q4. Can this question paper help in understanding the ASSEB HS 2nd Year Assamese MIL exam pattern?
Ans: Absolutely. This paper gives a clear idea of how questions are framed and what areas need more focus.
Last Word
The ASSEB Class 12 Assamese (MIL) Question Paper 2023 serves as an essential tool for students aiming to score well in the Assam State School Education Board HS 2nd Year Assamese MIL exam. By going through this paper carefully, you can get a better grasp of important questions, improve your writing skills, and boost your confidence. Make it a part of your daily study routine and pair it with regular revision for the best results. All the best for your exams!